Published as per the directions of the Election Commission of India regarding disclosure of criminal antecedents of candidates.
Declaration about criminal antecedents of candidates set up by the party (As per judgment dated 25th September, 2018, of Hon'ble Supreme Court in WP (Civil) No. 536 of 2011 (Public Interest Foundation & Ors. Vs Union of India & Anr.))
Name of Political Party: RAIJOR DAL
Name of Election: ASSAM LEGISLATIVE ASSEMBLY ELECTION, 2026
Name of State/UT: Assam
অসমৰ ৭০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ২০১৮ চনৰ ২০ অক্টোবৰৰ পৰা নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে সন্মিলিত হৈছিল। প্ৰথমবাৰৰ 'কেৱ' বিৰোধী আন্দোলন সফল হৈছিল আৰু ভাৰতৰ সংসদত "নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬" খন বাতিল হৈছিল। কিন্তু দ্বিতীয়বাৰ অৰ্থাৎ "নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯" অসমবাসীৰ ঐতিহাসিক গণবিদ্ৰোহৰ পাছতো অসমৰ ওপৰত জাপি দিলে স্বৈৰাতান্ত্রিক কেন্দ্ৰীয় চৰকাৰখনে। অসমীয়া জাতিৰ ওপৰত আক্ৰমণ নমাই অনা বিজেপি-আৰ এছ এছক ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ জাতীয়-জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দল সন্মিলিত হৈ এটা নতুন, ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, সুস্থ জাতীয়তাবাদী আঞ্চলিক দল গঠন কৰা হয়। এই দলটোৱে অসমৰ সকলো জাতি-জনজাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহক সামৰি ল'ব। দলটোৱে ভাৰতবৰ্ষৰ সংবিধানে ঘোষণা কৰা অনুসৰি দেশখনক প্ৰকৃতপক্ষে সাৰ্বভৌম, সমাজতান্ত্রিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্যৰূপে বিকশিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব।
আমাৰ দলে ভাৰতবৰ্ষৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক অধিক ফেডাৰেল ভিত্তিত গঠন কৰাৰ কাৰণে যত্নবান হ'ব আৰু অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা আৰু সাম্প্ৰদায়িক ফেচিবাদৰ হাতত বিপন্ন হোৱা অসমবাসীৰ পৰিচয় আৰু স্বাৰ্থক সদায়েই সুৰক্ষিত কৰিব।